Share and Enjoy !

Shares

শুৱালকুছিৰ বৰসত্ৰত ভয়ংকৰ পথ দুৰ্ঘটনা।নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ বৈদ্যুতিক খুঁটাত খুন্দা চাৰিচকীয়া বাহনৰ।

স্থানীয় ৰাইজৰ মতে, চালকজনৰ ভুলৰ বাবেই এই পথ দুৰ্ঘটনাটো সংঘটিত হয়। দুৰ্ঘটনাগ্ৰস্ত চাৰিচকীয়া বাহনখন মাত্ৰ তিনিদিন পূৰ্বে ক্ৰয় কৰা হৈছিল।

ঘটনা ঘটাৰ সময়ত পথটোত কেইবাজনো পথচাৰী উপস্থিত আছিল যদিও সৌভাগ্যক্ৰমে লোককেইজনৰ কথমপি প্ৰাণৰক্ষা কৰিবলৈ সক্ষম হয়। দুৰ্ঘটনাৰ তীব্ৰতা ইমানেই ভয়াৱহ আছিল যে বাহনখনৰ লগতে বৈদ্যুতিক খুটাটোও আংশিকভাৱে ক্ষতিগ্ৰস্ত হয়। সম্প্ৰতি ঘটনাস্থলীত স্থানীয় ৰাইজ উপস্থিত হৈ পৰিস্থিতি বুজ লয়।

Leave a Reply

Your email address will not be published. Required fields are marked *