Share and Enjoy !

Shares

নগাঁও জিলাৰ চামগুৰি আৰক্ষী থানাৰ চৌহদৰ ভিতৰত উত্তপ্ত পৰিস্থিতিৰ।

আৰক্ষীৰ থানাৰ সমুখত দুই মহিলাৰ মাজত প্ৰচণ্ড মাৰপিটত কেন্দ্ৰ কৰি অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য

অভিযোগ অনুসৰি, এগৰাকী মহিলাই নিজৰ প্ৰথম স্বামীক এৰি অন্য এগৰাকী বিবাহিত পুৰুষৰ সৈতে পলাই যোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছিল। মহিলাগৰাকীয়ে লগত লক্ষাধিক টকা লৈ পলাতক হৈ আছিল। দীৰ্ঘদিন ধৰি সন্ধানহীন হৈ থকাৰ পিছত অৱশেষত চামগুৰি আৰক্ষীয়ে অভিযুক্ত মহিলাগৰাকীক আটক কৰিবলৈ সক্ষম হয়।

কিন্তু আটকাধীন মহিলাগৰাকীক আৰক্ষী থানালৈ লৈ অহাৰ লগে লগে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ যায়। অভিযোগ অনুসৰি, পলাই যোৱা অভিযুক্ত পুৰুষজনৰ পত্নীয়ে ক্ষোভীত হৈ পোনপটীয়াকৈ থানাৰ চৌহদতে আৰক্ষীৰ সন্মুখতে মহিলাগৰাকীক আক্ৰমণ কৰে আৰু দুয়োৰে মাজত হাতাহাতি তথা মাৰপিটৰ সূত্ৰপাত ঘটে।

ইফালে, আৰক্ষীয়ে মহিলাগৰাকীক আটক কৰিবলৈ সমৰ্থ হ’লেও, তেওঁৰ সৈতে পলাই যোৱা মূল অভিযুক্ত পুৰুষজন বৰ্তমানলৈকে পলাতক হৈ আছে। আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত ৰখাৰ লগতে পলাতক পুৰুষজনক বিচাৰি অভিযান আৰম্ভ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *