ৰাজ্যৰ স্বাস্থ্যখণ্ডলৈ আশাৰ খবৰ।
নতুন ৰূপেৰে পুনৰ সাজু গুৱাহাটীৰ মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়।
গুৱাহাটী মহানগৰীৰ পাণবজাৰত অৱস্থিত মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয় মুকলি কৰাৰ প্ৰস্তুতি।
প্ৰায় ১,০০০ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা নতুন চিকিৎসালয় ভৱনটো।অহা ১৬ নৱেম্বৰত মুকলি কৰা হ’ব
ইতিমধ্যে নিৰ্মাণকাৰী প্ৰতিষ্ঠান L&T-য়ে চিকিৎসালয়খনৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰিছে বুলি জানিব পৰা গৈছে।
আজি চিকিৎসালয়খনৰ নিৰ্মাণকাৰ্যৰ অগ্ৰগতি আৰু বিভিন্ন বিভাগৰ কাম-কাজৰ বুজ ল’বলৈ পৰিদৰ্শন কৰে স্বাস্থ্যমন্ত্ৰী অশোক সিংহলে। পৰিদৰ্শনকালত চিকিৎসালয়খনৰ আন্তঃগাঁথনি, চলি থকা কাম-কাজ আৰু ভৱিষ্যতৰ সেৱা ব্যৱস্থাক লৈ বিতংভাৱে আলোচনা কৰে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে।