মঙলবাৰে মঙলদৈ কমাৰ্চ কলেজত উত্তপ্ত পৰিস্থিতি।
Sessional Examত অৱতীৰ্ণ হ’ব নোৱাৰাৰ বাবে শিক্ষাৰ্থীসকলে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে।
জানিব পৰা মতে, শ্ৰেণী কোঠাত ৭৫% শতাংশৰ তলত উপস্থিত থকা ছাত্ৰ ছাত্ৰীক পৰীক্ষাত বহিবলৈ অনুমতি নিদিয়াৰ সিদ্ধান্ত লৈছিল মহাবিদ্যালয় কৰ্তৃপক্ষই। ইয়াৰ বিপৰীতে তাৎক্ষণিক ভাৱে Anudip অথবা Value Added Course ৮০০/- টকা আৰু ১৫০০/- টকাৰে নামভৰ্তি কৰিলে মহাবিদ্যালয়ৰ তৰফৰ পৰা ১০০% শতাংশ উপস্থিতি প্ৰদান কৰি পৰীক্ষাত বহিবলৈ অনুমতি প্ৰদান কৰিব বুলি ঘোষণা কৰে অধ্যক্ষ গৰাকীয়ে। ইয়াকে লৈ সমস্যাত পৰে ছাত্ৰ ছাত্ৰী সকল।
দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ ছাত্ৰী সকলে হঠাতে কোৱাৰ লগে লগে কৰপৰা টকা দিব বুলিও প্ৰশ্ন কৰে ছাত্ৰ ছাত্ৰী সকলে। উপায়ন্তৰ ছাত্ৰ ছাত্ৰী সকলে দৰং জিলাৰ আয়ুক্তক লগ কৰি ঘটনাৰ উচিত বিচাৰ কৰিবলৈ আহ্বান জনায়।
উল্লেখযোগ্য যে, মহাবিদ্যালয় কৰ্তৃপক্ষৰ নিজাববীয়া সিদ্ধান্ত নহয়,এয়া সম্পূৰ্ণ UGCৰ নিয়মমতে এই নিয়ম কৰিছে বুলি মহাবিদ্যালয় কৰ্তৃপক্ষই সাংবাদিকক ফোনযোগে জানিবলৈ দিয়ে।