বজালীৰ নিত্যানন্দৰ কাহাৰপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা।
দুৰ্ঘটনাত থিতাতে নিহত বাইক আৰোহী।
নিহত যুৱকজন বজালীৰ ভাটি উলুৱাৰ অক্ষয় দাস বুলি জানিব পৰা গৈছে।
জানিব পৰা মতে, নিত্যানন্দৰ পৰা ঘৰলৈ গৈ থকা অৱস্থাত হঠাৎ মটৰ চাইকেলৰ পৰা বাগৰি পৰে যুৱকজন।
দুৰ্ঘটনাটোৰ ফলত থিতাতে মৃত্যু হয় যুৱকজনৰ।
ঘটনাৰ খবৰ লাভ কৰাৰ পিছতে ঘটনাস্থলীত উপস্থিত হয় পাটাছাৰকুছি আৰক্ষী।
এই শোকাৱহ দুৰ্ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত শোকৰ ছাঁ পৰিছে।