পোহৰলৈ ঘাতক ঘনকান্ত গগৈৰ প্ৰকৃত ঠিকনা।
ঘনকান্ত গগৈৰ ঘৰ ডিব্ৰুগড় জিলাৰ নাহৰকটীয়াৰ জয়পুৰৰ লেবাংকুলাত।
ঘটনা সন্দৰ্ভত মুখ খুলিলে ঘনকান্তৰ ভাই বোৱাৰীয়ে।
৫গৰাকী লোকক নৃশংসভাৱে হত্যা কৰি ঘনকান্তই ফোন কৰিছিল ঘৰলৈ। ঘৰলৈ ফোন কৰি ঘটনা সন্দৰ্ভত বিৱৰি কৈছিল ঘনকান্তৰ ভাই বোৱাৰীক।
ঘনকান্তৰ ভাই বোৱাৰীয়ে ঘটনা সন্দৰ্ভত কয় যে ‘‘কালিৰ ঘটনাৰ পিছত আমালৈ ফোন কৰিছিল। মানুকেইজনে মোক আঘাত কৰিলে, সেয়ে মই গুলীয়াবলৈ বাধ্য হৈ গ’লো।’’
ঘনকান্তৰ ভাই-বোৱাৰীয়ে কয় যে ‘‘হোটেলখন ১০ বছৰৰ বাবে লীজত লৈছিল, আৰু এতিয়া চলোৱাৰ এবছৰ হৈছিল, তাকে লৈ কাজিয়া হৈছিল। প্ৰথমে আক্ৰমণ কৰা বুলি কৈছিল। দুখ পাইছিল বুলি কৈছিল আৰু সেইবাবে গুলী চলোৱা বুলি কৈছিল।নিশা ৯ বাজি ৩০ মিনিটমানত ফোন কৰিছিল আমাক। ঘনকান্তই য’লৈ গ’লে লগত লৈ যায় পিষ্টলটো।’’