চাপৰত ভয়ংকৰ পথ দুৰ্ঘটনা!
স্কুটীৰ খুন্দাত গুৰুতৰভাৱে আহত পথচাৰী।
প্ৰাপ্ত তথ্য অনুসৰি, পাখিৰিৰতল বজাৰৰ পৰা খোজকাঢ়ি ঘৰলৈ গৈ থকা অৱস্থাত।নবান আলী নামৰ এজন লোকে স্কুটীয়ে খুন্দা মাৰে।
জানিব পৰা মতে, স্কুটীচালকজনে সুৰাপান কৰি বাহনখন চলাই আছিল।
খুন্দাৰ ফলত পথচাৰী’গৰাকী পথত চোঁচৰাই যায় আৰু তেওঁৰ মুখমণ্ডল ৰক্তাক্ত হৈ পৰে।
দুৰ্ঘটনাৰ পিছতে স্থানীয় লোকৰ তৎপৰতাত আহত ব্যক্তিগৰাকীক ততাতৈয়াকৈ চাপৰ চিকিৎসালয়লৈ লৈ যোৱা হয়।
কিন্তু তেওঁৰ অৱস্থা সংকটজনক হোৱাত উন্নত চিকিৎসাৰ বাবে বৰপেটালৈ প্ৰেৰণ কৰা হয়।
আহত ব্যক্তিগৰাকীক ৰৌমাৰীৰ নবান আলী বুলি চিনাক্ত কৰা হৈছে।
ইফালে, দুৰ্ঘটনাত জড়িত স্কুটীখনৰ পঞ্জীয়ন নম্বৰ AS-19Y-7877 বুলি জানিব পৰা গৈছে।