Share and Enjoy !

Shares

ধুবুৰীৰ আলমগঞ্জত প্ৰশাসনৰ উচ্ছেদ জাননী।

চৰকাৰী ভূমিত বেআইনীভাৱে বসবাস কৰি থকা প্ৰায় ৮২০টা পৰিয়ালক উচ্ছেদৰ জাননী জাৰি ধুবুৰী জিলা প্ৰশাসনৰ।

ৰাজহ চক্ৰ বিষয়াই নিজে উপস্থিত থাকি মাইকযোগে ঘোষণা কৰাৰ লগতে ঘৰে ঘৰে গৈ এই উচ্ছেদ জাননী প্ৰদান কৰিছে।

নির্দিষ্ট সময়সীমাৰ ভিতৰত ভূমি খালী নকৰিলে প্ৰচলিত আইন অনুসৰি প্ৰশাসনে পোনে পোনে উচ্ছেদ অভিযান চলাব বুলি স্পষ্ট কৰি দিছে। ইপিনে প্ৰশাসনৰ এই কঠোৰ তথা জৰুৰী জাননী পোৱাৰ পাছতে আলমগঞ্জ অঞ্চলত এক উত্তপ্ত আৰু চিন্তাজনক পৰিৱেশ সৃষ্টি হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *