Share and Enjoy !

Shares

অপৰাধ প্ৰতিৰোধ আৰু জিলাখনৰ আইন-শৃংখলা পৰিস্থিতি সুস্থিৰ কৰি ৰখাৰ লক্ষ্যৰে এইবাৰ নিশা বলিউডৰ ‘সিংঘম’ৰ আৰ্হিত ঘৰে ঘৰে অসম আৰক্ষীৰ অভিযান।।ভাড়াতীয়াৰ পৰিচয় গোপন কৰি আশ্ৰয় প্ৰদান কৰা ঘৰ মালিকসকলক সতৰ্ক কৰাৰ লগতে অপৰাধমূলক কাৰ্যকলাপ ৰোধৰ বাবে আমিনগাঁও অঞ্চলত বিশেষ সজাগতামূলক অভিযান চলায় কামৰূপ আৰক্ষীয়ে।

কোনো অসাধু চক্ৰই ভাড়াতীয়াৰ পৰিচয় গোপন কৰি অসামাজিক তথা কূটাঘাতমূলক কাৰ্যকলাপ সংঘটিত কৰিব নোৱাৰে, তাৰ প্ৰতি লক্ষ্য ৰাখি আৰক্ষীয়ে এই পদক্ষেপ গ্ৰহণ কৰে। অভিযানকালত ভাড়াঘৰৰ মালিকসকলক প্ৰতিগৰাকী ভাড়াতীয়াৰ স্থায়ী ঠিকনা, কৰ্মৰত প্ৰতিষ্ঠানৰ সবিশেষ, আধাৰ কাৰ্ড, পান কাৰ্ড আৰু মোবাইল নম্বৰসহ প্ৰয়োজনীয় তথ্য আৰক্ষীক দাখিল কৰিবলৈ সজাগ কৰা হয়। ইয়াৰ উপৰি ভাড়াঘৰ থকা চৌহদৰ কোঠাৰ সংখ্যা আৰু ঘৰ মালিকৰ সম্পূৰ্ণ তথ্যও আৰক্ষীক প্ৰদান কৰিবলৈ আহ্বান জনোৱা হয়।

আমিনগাঁৱৰ পানীপাৰা আৰু মধ্যম চুবুৰী অঞ্চলত চলোৱা এই অভিযানত ঘৰ মালিকসকলক ভাড়াতীয়া ৰখাৰ পূৰ্বে পৰিচয় নিশ্চিত কৰা আৰু প্ৰয়োজনীয় তথ্য আৰক্ষীক অৱগত কৰাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰা হয়।

কামৰূপ আৰক্ষীৰ উপ-আৰক্ষী অধীক্ষক টিংকুজ্যোতি চৌধুৰী, দেৱৰ্ষি চৌধুৰী আৰু দীপক শৰ্মাৰ নেতৃত্বত হাজো আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰূপম হাজৰিকা, চাংসাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অপূৰ্ব কলিতা, আমিনগাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া অবিনাশ শইকীয়া, যোগেশ কলিতা, দদৰা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া বিশাল বৰ্মনসহ কামৰূপ আৰক্ষীৰ এটা বৃহৎ দলে এই অভিযান ৰূপায়ণ কৰে।

উল্লেখ্য যে, ভাড়াতীয়াৰ পৰিচয় আৰু প্ৰয়োজনীয় তথ্য আৰক্ষীৰ ওচৰত নথকাৰ সুযোগ লৈ কোনো অপৰাধীয়ে যাতে অঞ্চলটোত আশ্ৰয় গ্ৰহণ কৰিব নোৱাৰে, তাৰ বাবে ঘৰ মালিকসকলক অধিক সজাগ আৰু দায়িত্বশীল হ’বলৈ আহ্বান জনাইছে আৰক্ষীয়ে। অপৰাধ প্ৰতিৰোধৰ ক্ষেত্ৰত জনসাধাৰণৰ সহযোগিতা নিশ্চিত কৰাৰ লক্ষ্যৰে কামৰূপ আৰক্ষীৰ এই সজাগতা অভিযান অব্যাহত থাকিব ।

Leave a Reply

Your email address will not be published. Required fields are marked *