Share and Enjoy !

Shares

জামুগুৰিহাট: সংখ্যালঘু অঞ্চলত ঘাতিপাতি থকা অপশক্তিক আমি ওফোৰাই পঠিয়াব লাগিব ৷ চোৰ-ডকাইত,মদ-জুৱা তথা ড্ৰাগছৰ ঘাটি সমুহ উচ্ছে কৰিব লাগিব ৷ এই ক্ষেত্ৰত চৰকাৰে যি পদক্ষেপ লৈ আহিছে সেইক্ষেত্ৰত আমি সকলোৱে সহযোগ আগবঢ়াব লাগিব ৷ এই মন্তব্য নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ ৷ সোমবাৰে সমষ্টিটোত নতুনকৈ সংযোজন হোৱা একমাত্ৰ সংখ্যালঘু অধ্যুষিত অঞ্চল হিচাপে পৰিচিত পাচমাইলৰ এখন দলীয় সভাত অংশগ্ৰহণ কৰি আৰু কয়- কোনো সন্দেহজনক লোকক যাতে এই অঞ্চলত পশ্চয় নিদিয়ে ৷ কোনো সন্দেহজনক লোক বিয়া পাতিবলৈ আহি এই অঞ্চলত বাহৰপাতি বহিবলৈ নিদিব ৷ সাম্প্ৰদায়িক উত্তেজনা বৃদ্ধি কৰিবৰ কাৰণে এটা শক্তিয়ে এই অঞ্চলত অহৰহ চেষ্টা কৰি আহিছে আৰু সেই চক্ৰক আমি ওফোৰাই পেলাব লাগিব বুলি মন্তব্য কৰে বিধায়ক পদ্মই ৷ উল্লেখযে এসময়ত কংগ্ৰেছৰ ঘাটিৰূপে পৰিচিত সংখ্যালঘু অধ্যুষিত এই পাচমাইলত সোমবাৰে তিনিটাকৈ উন্নয়ন মূলক আচনিৰো নিৰ্মান কাৰ্য্যৰ শুভাৰম্ভ কৰে বিধায়ক পদ্ম হাজৰিকাই ৷ বিধায়ক গৰাকীয়ে দুইকোটি টকাৰে নিৰ্ম্মান হবলগা সমষ্টিটোৰ পুৰনি আলিমূৰৰ পৰা পাচমাইল হৈ চামধৰা সংযোগী পথ, দহলাখ টকাৰে নিৰ্ম্মান হব লগা পাচমাইল হাইস্কুলৰ খেলপথাৰ উন্নয়ন আৰু দহলাখ টকাৰে নিৰ্মাণ হব লগা পাচমাইল সামুহিক ভৱনৰ নিৰ্ম্মানৰ আধাৰশিলা স্থাপন কৰে৷

Leave a Reply

Your email address will not be published. Required fields are marked *