কি নাই ওৰাং ৰাষ্ট্ৰীয় উদ্যানত? সম্প্ৰতি পৰ্যটকৰ বাবে আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হৈ পৰিছে ওৰাং ৰাষ্ট্ৰীয় উদ্যান ৷ বাঘৰ বাবে উদ্যানখন বিখ্যাত যদিও পৰ্যটক সকলে সন্মুখৰ পৰা সদায়েই দেখা পায় অসম গৌৰৱ এশিঙিয়া গঁড় ৷
উদ্যানখনত গঁড়, বাঘৰ উপৰিও আছে বিভিন্ন প্ৰজাতিৰ চৰাই-চিৰিকটি ৷ ধৰালৈ শীত নমাৰ লগে-লগেই উদ্যান খনত আগমন ঘটিছে ন-ন পৰিভ্ৰমী পক্ষীৰ। পেলিকান, ব্লেক নেক ষ্ট্ৰৰ্ক, অলিভ নেক আদি ভিন্ন প্ৰজাতিৰ পৰিভ্ৰমী পক্ষীৰ আগমন ঘটিছে উদ্যানখনত।
তাৰ উপৰিও সেউজীয়া পৰিৱেশত নিচেই কাষৰ পৰা অসম গৌৰৱ এশিঙীয়া গঁড়, বন গাহৰি, বান্দৰ, হৰিণাকে ধৰি বিভিন্ন প্ৰজাতিৰ চৰাই-চিৰিকটিয়ে উল্লেখনীয় ভ্ৰমণ আমোদ দিয়ে পৰ্যটকসকলক। উদ্যান কৰ্তৃপক্ষই জনোৱা মতে, পৰ্যটকৰ বাবে ইতিমধ্যে ল’জ, টেণ্ট আদিকে ধৰি সমস্ত সুবিধা সাজু হৈছে ওৰাং ৰাষ্ট্ৰীয় উদ্যান।
উল্লেখযোগ্য যে, উদ্যান খনত পৰ্যটক সকলে বন্যপ্ৰাণী চোৱাৰ উপৰিও পায় অন্য এক সুকীয়া আমোদ। বন কৰ্মীৰ সহযোগ, উদ্যানৰ ভিতৰ ফালত শান্ত পৰিবেশৰ লগতে প্ৰায়বোৰ স্থানতে ভিউ পইণ্টে আপ্লুত কৰে ভ্ৰমনকাৰী সকলক।
