বজালী জিলাৰ ১০৭০ গৰাকী হিতাধিকাৰীৰ মাজত আজি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ অনুমোদন পত্ৰ প্ৰদান কৰা হয়।
উল্লেখ্য যে, বজালী উন্নয়ন খণ্ডৰ চৌহদত আজি চেকসমূহ বিতৰণ কৰাৰ উদ্দেশ্যে এখন সভা অনুষ্ঠিত হয় ।বজালী উন্নয়ন খণ্ডৰ কৰ্মচাৰী মৃণাল দত্তই আতধৰা এই অনুষ্ঠানত বজালী জিলাৰ আয়ুক্ত মৃদুল কুমাৰ দাসে উপস্থিত থাকি কয় হিতাধিকাৰী সকলে ঘৰ সমূহ ভালদৰে সাজি উলিয়াৱ কিৱা সমস্যা হলে জিলা আয়ুক্তক জনাব লাগে
বজালী উন্নয়ন খণ্ডৰ কাৰ্যালয়ক জনাব লাগে।অনুষ্ঠানত উপস্থিত থাকে কৃষি বিপণন পৰিষদৰ অধ্যক্ষ মনোজ বৰুৱা,বজালী জিলা আয়ুক্ত মৃদুল কুমাৰ দাস,জিলা উন্নয়ন আয়ুক্ত আশ্ৰাফুল আমিন,খণ্ড উন্নয়ন বিষয়া চন্দন বেজববৰুৱাৰ লগতে বিষয়া কৰ্মচাৰী সকল উপস্থিত থাকে।।
