প্ৰথম দৃষ্টিহীন মহিলা টি-২০ বিশ্বকাপ ক্ৰিকেট খেলুৱৈ অসম গৌৰৱ সিমু দাসৰ বাসগৃহত উপস্থিত হয় নগাঁৱৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মা ।মঙলবাৰে ৰ জিলা আয়ুক্তগৰাকী উপস্থিত হৈ প্ৰথমে চিমু দাসক অভিনন্দন জ্ঞাপন কৰে লগতে চিমু দাসৰ পৰিয়লটোৱে বসবাস কৰা ঘৰটোৰ ভেঁটিৰ মালিকৰ সৈতেও আলোচনাত মিলিত হয়
চিমু দাসৰ শৈশৱৰ স্মৃতি বিজড়িত ঘৰটোৰ ভেঁটি চিমু দাসৰ পৰিয়ালক বিক্ৰী কৰিবলৈ ভেঁটিটোৰ মালিকক প্ৰস্তাৱ আগবঢ়াই জিলা আয়ুক্তগৰাকীয়ে ।
বিশ্ব দৰবাৰত সফলতা বুটলি আনিবলৈ সক্ষম হোৱা চিমু দাসক লৈ আজি গৌৰৱাম্বিত গাঁওবাসী হৈ পৰিছে উৎফুল্লিত । কঠীয়াতলীৰ কছাৰীগাঁৱৰ চিমু দাস এতিয়া নগাঁৱৰ লগতে অসম তথা ভাৰতৰেই গৌৰৱ হৈ পৰিছে ।
