ধুবুৰীৰ গৌৰীপুৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জ্যোতি প্ৰসাদ দাসক ৰিজাৰ্ভ ক্ল’জ। দেশী জনগোষ্ঠীয় নিৰ্দোষী লোকক হাৰাশাস্তি দি দোষীক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গৰাকীৰ বিৰুদ্ধে।
জানিব পৰা মতে, ধুবুৰী জিলা দেশী জনগোষ্ঠী মঞ্চ, অসম দেশী যুৱ ছাত্ৰ মঞ্চ, অসমৰ ধুবুৰী জিলা সমিতিয়ে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গৰাকীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিল ।প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ন কৰাৰ পাছতেই তাৎক্ষণিকভাৱে ধুবুৰী জিলা জেষ্ঠ্য আৰক্ষী অধীক্ষকে ৰিজাৰ্ভ ক্ল’জ কৰে বুলি জানিব পৰা গৈছে।
উল্লেখ্য যে, পূৰ্বৱে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জ্যোতি প্ৰসাদ দাসৰ বিৰুদ্ধে দোষীক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ উত্থাপিত হৈছিল ।
