অসম জাতীয়তাবাদী যুৱ পৰিষদ ধেমাজি জিলা সমিতি আৰু ধেমাজি জিলা কৃষক মুক্তি সংগ্রাম সমিতিৰ উদ্যোগত অৱস্থান ধর্মঘট কাৰ্য্যসূচী।
ভাৰতীয় খাদ্য নিগমৰ ধেমাজিস্থিত গুদামত সংঘটিত ৫ কোটি ২০ লাখ টকা চাউল কেলেংকাৰী ঘটনাৰ চি.বি.আই তদন্তৰ লগতে কেলেংকাৰীত জড়িত সকলক শীঘ্ৰেই ব্যৱস্থাৰ গ্ৰহণৰ দাবীত অৱস্থান ধর্মঘট কাৰ্য্যসূচী।।
উল্লেখ্য যে, দুপৰীয়া ১২ বজাৰ বিয়লি ২ বজাৰলৈকে প্ৰায় ২ শতাধিক দুই সংগঠনৰ কৰ্মীয়ে ধেমাজিৰ কাছাৰী ময়দানৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচীত ৰূপায়ন কৰা কৰে ।
বিয়াগোম চাউল কেলেংকাৰী শীৰ্ঘে চি,বি,আইৰ দ্বাৰা তদন্ত কৰা, ভাৰতীয় খাদ্য নিগম লক্ষীমপুৰস্থিত কাৰ্যালয়ৰ অন্তৰ্গত গুদাম সমূহক তদন্তৰ আওতালৈ অনা, সূলভ মূল্য দোকানীয়ে কিয় বেয়া চাউল দিব লগা হয় তাৰ তদন্ত কৰা, ইয়াৰ আঁৰৰ লোকক চিনাক্ত কৰা, ভাৰতীয় খাদ্য নিগমৰ চাউল ধেমাজি ৰে’ল ষ্টেচনৰ ৰে’ল দবাৰ পৰা কেনেকৈ চুৰ কৰে তাৰ তদন্ত কৰা, OMSSৰ ঠিকাদাৰ অজয় আগৰৱালা আৰু ভাৰতীয় খাদ্য নিগমৰ লখিমপুৰ সংমণ্ডল প্ৰৱন্ধক নিৰঞ্জন লাল জাংগীৰক তদন্ত আওতালৈ অনা আদিকে ধৰি কেইবাটাও দাবী উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে ৷
