শিৱসাগৰৰ হালোৱাটিঙ থানাৰ অন্তৰ্গত দেওপানী খৰঙী অঞ্চলত তেলচুৰিৰ বৃহৎ ঘাটি উদ্ধাৰ।
গেলেকী-যোৰহাট সংযোগী অইলৰ পাইপ লাইন ফুটা কৰি দীৰ্ঘদিন ধৰি তেলচুৰি চক্ৰই সৰবৰাহ কৰি অহাৰ অভিযোগ
গেলেকী তৈল ক্ষেত্ৰৰ পৰা খাৰুৱা তেল পৰিবাহী পাইপৰ পৰা ভেল্ব বহুৱাই তেল চুৰ কৰা ঘাটি উৎখাত কৰা হৈছে ।
দেওপানী বাগিচাৰ শিবা কুৰ্মী নামৰ এজন যুৱকৰ ব্যক্তিগত চাহ বাগিচাৰ মাজৰ পৰা ভেল্ব বহুৱাই অচিনাক্ত দুস্কৃতিকাৰীয়ে চুৰি কৰি আহিছিল খাৰুৱা তেল ।
জানিব পৰা মতে, আজি পূৱা স্থানীয় লোকে বাগানৰ নলাত তেল বিয়পি থকা দেখি বাগানৰ মালিক শিৱা কুৰ্মীক খবৰ দিয়ে।পৰৱৰ্তী সময়ত শিৱা কুৰ্মীয়ে আৰক্ষীক খবৰ দিয়ে । এই ঘটনাৰ খবৰ লাভ কৰি ততাতৈয়াকৈ ঘটনাস্থলীত আৰক্ষী আৰু তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ বিষয়ববীয়া উপস্থিত হয় । বৰ্তমান উক্ত লাইনেদি খাৰুৱা তেলৰ সৰবৰাহ বন্ধ কৰা হৈছে বুলি জানিব পৰা গৈছে ।
গেলেকীৰ তৈলক্ষেত্ৰৰ পৰা যোৰহাটলৈ খাৰুৱা তেল পৰিবাহী পাইপলাইনত এই ঘটনা সংঘটিত হৈছে ।