শোণিতপুৰৰ বালিপৰাত ভয়ংকৰ দুৰ্ঘটনা। দুৰ্ঘটনাত নিহত এজন বাইক আৰোহী নিহত বাইক আৰোহীজনৰ অনুপম সৰকাৰ আৰু তেওঁৰ ঘৰ বালিপৰাৰ সমিপবৰ্তী সৰুপাট গাঁৱত বুলি জানিব পৰা গৈছে।
এগৰাকী প্ৰত্যক্ষদৰ্শীয়ে জানিব দিয়া অনুসৰি, ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে AS-12-M-3934 নম্বৰৰ বাইক খনৰ সৈতে এজন যুৱকক পৰি থকা দেখি চাৰিদুৱাৰ আৰক্ষীক খবৰ দিয়ে৷ ততাতৈয়াকৈ চাৰিদুৱাৰ আৰক্ষী আহি আহত যুৱক জনক উদ্ধাৰ কৰি সংকটজনক অৱস্থাত বালিপৰা চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে যুৱক জনক মৃত বুলি ঘোষণা কৰে৷