Share and Enjoy !

Shares

প্ৰথমবাৰৰ বাবে বিধানসভা চৌহদৰ ভিতৰত অখিল গগৈৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী

শুকুৰবাৰে বানপীড়িতক তৎকালীন সাহায্য প্ৰদানৰ দাবীত অখিল গগৈয়ে বিধান সভা কাৰ্যালয়ৰ চৌহদত অৱস্থান ধর্মঘটত বহে ৷

বিধায়ক গৰাকীয়ে ধর্মঘটত বহাৰ সময়ত তেওঁক সাক্ষাৎ কৰে বিধান সভাৰ ভাৰপ্ৰাপ্ত সচিব ইন্দ্ৰজিৎ মজুমদাৰ আৰু মাৰ্শাল প্ৰাঞ্জল বৰাই ৷

অখিল গগৈক আন্দোলন প্রত্যাহাৰ কৰাৰ অনুৰোধ সচিবগৰাকীৰ

কিন্তু নিজৰ স্থিতিত অটল বিধায়ক অখিল গগৈ

ভাৰপ্রাপ্ত সচিবজনক বিধানসভাৰ নীতি–নিয়ম আওৰাই উভতাই পঠিয়ালে অখিল গগৈয়ে

উল্লেখ্য যে বানপীড়িত ৰাইজক জৰুৰী বান সাহায্যৰ ধন বিতৰণ কৰাৰ বাবে অসম চৰকাৰক দিয়া ১ অক্টোবৰৰ সময়সীমা উকলি যোৱাৰ পাছতো ধন বিতৰণ নকৰাৰ প্ৰতিবাদত ২ অক্টোবৰৰ পৰা সমগ্ৰ ৰাজ্যজুৰি প্ৰতিবাদী আন্দোলন আৰম্ভ কৰাৰ ঘোষণা কৰিছিল শিৱসাগৰ বিধানসভা সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *