Share and Enjoy !

Shares

পানী কমিছে কিন্তু দুৰ্দশা কমা নাই বানপীড়িত ৰাইজৰ। শিৱসাগৰ আৰু চৰাইদেউ জিলাত বানপীড়িত ৰাইজৰ দুৰ্দশাৰ জীয়া ছবি।

এই সকলোবোৰ মাজতে বানপীড়িত লোকসকলৰ সহায়-সহানভূতিৰ বাবে আগবাঢ়ি আহিছে বলীউডৰ জনপ্ৰিয় অভিনেতা কাৰ্তিক আৰিয়ান। ৰাজ্যখনৰ বান সাহায্য আৰু উদ্ধাৰ কাৰ্যসূচীক গতি প্ৰদান কৰাৰ উদ্দেশ্যে অভিনেতাগৰাকীয়ে মুখ্যমন্ত্ৰীৰ সাহায্য নিধিলৈ ১ কোটি টকাৰ এক বৃহৎ বৰঙণি আগবঢ়াইছে।

উল্লেখ্য যে, অভিনেতাগৰাকীৰ এই মহান কাৰ্যক উষ্ম আদৰণি জনাই ধন্যবাদ জ্ঞাপন কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

এক্সত পোষ্ট যোগে মুখ্যমন্ত্ৰীগৰাকীয়ে লিখিছে- আপোনাৰ এই উদাৰ অনুদানৰ বাবে আন্তৰিক ধন্যবাদ, কাৰ্তিক আৰিয়ান। আপোনাৰ এই সাহায়ে অসমৰ বানপীড়িত ৰাইজৰ দুখ-কষ্ট লাঘব কৰাত যথেষ্ট সহায় কৰিব। আনহাতে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ ফালৰ পৰাও পোষ্টৰ জড়িয়তে কাৰ্তিক আৰিয়নৰ সলাগ লৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *