বিহালী সমজিলা প্ৰশাসনৰ উদ্যোগত বিহালী স্নাতক মহাবিদ্যালয় প্ৰাঙ্গনত আয়োজন কৰা ৮০ সংখ্যক স্বাধীনতা দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীত অনাকাংক্ষিত পৰিস্থিতি।
সমজিলা আয়ুক্ত কবিতা কাকতি কোঁৱৰে কাৰ্যসূচী অনুসৰি ভাৰতীয় জাতীয় পতাকা উত্তোলন কৰিবলৈ লওঁতেই অসাৱধানৱশত হঠাতে ৰছীৰ পৰা খহি পৰে জাতীয় পতাকাখন।
এই ঘটনাই উপস্থিত ৰাইজ, ছাত্ৰ-ছাত্ৰী আৰু বিশিষ্ট অতিথিসকলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰে।