বিজেপিৰ ঐতিহাসিক বিজয়। অসমত যেন ধূলিসাৎ হ’ল কংগ্ৰেছ দল। এতিয়ালৈকে মাত্ৰ ১৮খন আসনতে জয়লাভ কৰিবলৈ সক্ষম হয় কংগ্ৰেছৰ নেতৃত্বাধীন মিত্ৰজোঁটে। উজনি অসমত একেবাৰে উৎখাত হ’ল কংগ্ৰেছ দল। ৯৯খন আসনত প্ৰতিদ্বন্দ্বিতা কৰি এতিয়ালৈ মাত্ৰ ১৮খন আসনহে লাভ কৰিবলৈ সক্ষম হয় কংগ্ৰেছ প্ৰাৰ্থী।
ছমৰীয়াত কংগ্ৰেছৰ ৰেকিবুদ্দিন আহমেদৰ জয়লাভ
পৰ্বতঝোৰাত কংগ্ৰেছৰ আশ্ৰাফুল ইছলাম শ্বেখৰ জয়লাভ
গৌৰীপুৰত কংগ্ৰেছৰ আব্দুছ ছোবাহান আলী সৰকাৰৰ জয়
ধুবুৰীত কংগ্ৰেছৰ বেবী বেগমৰ জয়লাভ
চামগুৰিত কংগ্ৰেছৰ তানজিল হুছেইনৰ জয়লাভ
চেঙাত কংগ্ৰেছৰ আব্দুৰ ৰহিম আহমেদৰ জয়লাভ
মানকাচৰত কংগ্ৰেছৰ মহিবুৰ ৰহমানৰ জয়লাভ
জলেশ্বৰ সমষ্টিত কংগ্ৰেছৰ আফতাবউদ্দিনৰ মোল্লাৰ জয়
পাকাবেতবাৰীত কংগ্ৰেছৰ জাকিৰ হুছেইন শিকদাৰৰ জয়
আলগাপুৰ-কাটলিচেৰাত কংগ্ৰেছৰ জুবেনৰ আনম মজুমদাৰৰ জয়লাভ
সোণাই সমষ্টিত আমিনুল হক লস্কৰৰ জয়লাভ
ৰূপহীহাটত কংগ্ৰেছৰ নুৰুল হুডা বিজয়ী
নাওবৈচাত কংগ্ৰেছৰ জয়প্ৰকাশ দাসৰ জয়লাভ
সৃজনগ্ৰামত কংগ্ৰেছ প্ৰাৰ্থী মহম্মদ নুৰুল ইছলামৰ জয়লাভ
লাহৰীঘাটত কংগ্ৰেছ প্ৰাৰ্থী আছিফ নজৰৰ জয়লাভ
কৰিমগঞ্জ (দক্ষিণ)ত আমিনুৰ ৰছিদ চৌধুৰী
গোৱালপাৰ(পূব)ত আবুল কালাম ৰছিৰদ আলম
কৰিমগঞ্জ (উত্তৰ)ত জাকাৰিয়া আহমেদৰ জয়লাভ
বীৰসিং জৰুৱা সমষ্টিত কংগ্ৰেছৰ ৱাজেদ আলী চৌধুৰীৰ জয়লাভ