বটদ্ৰৱা শ্ৰী শ্ৰী শংকৰদেৱ মহাবিদ্যালয়ত চোৰৰ উপদ্ৰৱ।
মহাবিদ্যালয়খনৰ দুৱাৰৰ তলা ভাঙি ভিতৰত প্ৰৱেশ কৰি চলাই লুটপাত।চোৰে লুটি নিয়ে এটা কম্পিউটাৰ৷
চোৰটোৱে লুটপাট কৰি থকাৰ সময়তে এজন লোকে প্ৰত্যক্ষ কৰি চিঞৰ বাখৰ কৰাত সেই ঠাইৰ পৰা পলায়ন কৰে।
চুৰিৰ সমগ্ৰ দৃশ্য বন্দী হয় চিচি টিভি কেমেৰাত।
ঘটনা সন্দৰ্ভত মহাবিদ্যালয়ৰ অধ্যক্ষগৰাকীয়ে বটদ্ৰৱা থানাত এজেহাৰ দাখিল কৰে৷
লগে লগে ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে চিচি টিভি ফুটেজ সংগ্ৰহ কৰি প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে যদিও চুৰি কোনো শুংসূত্ৰ উলিয়াব পৰা নাই।
উল্লেখযোগ্য যে, বটদ্ৰৱাৰ মন্দিৰ স্কুলতৰ বিভিন্ন প্ৰান্তত মানুহ নথকাৰ সুবিধা লৈ দিনতেই ঘৰৰ ভিতৰত চোৰ সোমাই লুটপাত চলাই আহিছে। আৰক্ষীৰ দুৰ্বলতাৰ সুবিধা লৈ বটদ্ৰৱাত ক্ৰমাৎ অপৰাধ বৃদ্ধি পাইছে।