Share and Enjoy !

Shares

চৰাইদেউৰ নিমনাগড়ত আৰক্ষীৰ অভিযান। অভিযানত আটক ড্ৰাগছ সৰবৰাহকাৰীক৷

মথুৰাপুৰ আৰক্ষী থানাৰ এলেকাৰ নিমনাগড় চিৰিংপুখুৰীৰ ধোদৰ আলিত চৰাইদেউ আৰক্ষীৰ অভিযানত বুজন পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ উদ্ধাৰ কৰিবলৈ সক্ষম চৰাইদেউ আৰক্ষীৰ৷

জানিব পৰা মতে, আমগুৰি হালোৱাটিঙৰ পৰা AS 04 AE 3929 নম্বৰৰ ব’লেৰ বাহনে নিমনাগড়লৈ লৈ অহা সময়তে চৰাইদেউ আৰক্ষীয়ে দুজন ড্ৰাগছ সৰবৰাহকাৰী আৰু বুজন পৰিমাণৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম৷

আটকাধীন ড্ৰাগছ সৰবৰাহকাৰী দুজন ক্ৰমে- নাজিৰা বিহুবৰৰ ৰামজন ইছলাম আৰু ৰবীন্দ্ৰ সিং বুলি জানিব পৰা গৈছে।। বলেৰ বাহনৰ পৰা সন্দেহযুক্ত হেৰ’ইন থকা ৬টা চাবোনৰ বাকচৰ সৈতে আটক কৰা হয় দুয়োকে। সন্দেহযুক্ত হেৰ’ইনখিনিৰ মুঠ ওজন ৭৫ গ্ৰাম।

Leave a Reply

Your email address will not be published. Required fields are marked *