Share and Enjoy !

Shares

ৰাজ্যত বৃদ্ধি পাইছো চোৰৰ উপদ্ৰৱ। চতিয়া পৌৰসভাৰ জাৱৰ নিষ্কাষণৰ বাহনৰ পৰা চুৰি বেটাৰী।

ঘটনাৰ বিৱৰণী মতে, চতিয়া বালিকা মজলীয়া বিদ্যালয়ৰ প্ৰাংগণত পৌৰসভাৰ জাৱৰ নিষ্কাষণ কৰা বাহনসমূহ পাৰ্ক কৰি ৰখা হৈছিল। ব’হাগ মাহৰ প্ৰথম দিনাই এগৰাকী পৌৰ কৰ্মচাৰীয়ে বাহনখনৰ পৰা দুটাকৈ বেটাৰী নোহোৱা হোৱা প্ৰত্যক্ষ কৰে। লগে লগে তেওঁ এই বিষয়ে পৌৰ কৰ্তৃপক্ষক অৱগত কৰে। ইপিনে যি স্থানত বাহনখন ৰখা হৈছিল, তাৰ কাষতে থকা hampion makers academy ৰ এটা চিচিটিভি কেমেৰাত চুৰিকাণ্ডৰ সমগ্ৰ দৃশ্য বন্দি হয়।

উক্ত ফুটেজ পৰীক্ষা লাভ কৰাৰ পাছত আৰক্ষীয়ে দুই চোৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।

গ্ৰেপ্তাৰ কৰা ধৃত চোৰকেইটা পুৱ মালৰ গাঁৱৰ ৰমজান আলি আৰু ইনতাজ আলি বুলি জানিব পৰা গৈছে৷ লগতে দুই চোৰে চুৰি কৰা বেটাৰীটো দক্ষিণ চতিয়াৰ কৰৈয়নীৰ এখন কাৱাৰীৰ দোকানৰ পৰা উদ্ধাৰ কৰে আৰু চোৰসহ কাৱাৰী অলাকো জেল হাজোত লৈ প্ৰেৰণ কৰে ৷

 

Leave a Reply

Your email address will not be published. Required fields are marked *