ৰাজ্যত অব্যাহত আছে গৰু চোৰৰ সন্ত্ৰাস। নিতৌ ৰাজ্যত ন ন কৌশলৰে সংঘটিত হৈ আছে চুৰিকাৰ্য।
এইবাৰ নগাঁও জিলাৰ বঢ়মপুৰ সমষ্টিৰ কামপুৰ থানাৰ অন্তৰ্গত ভেবেঙাআটিত পুৱতি নিশা স্থানীয় ৰাইজে চুৰি গৰুসহ এখন বাহন জব্দ কৰি আৰক্ষীক গতাই দিয়ে।
সমগ্ৰ নগাঁও জিলাৰ বিভিন্ন প্ৰান্তুত বিগত কিছুদিন ধৰি গৰু চুৰি ঘটনা সংঘটিত হৈ আহিছে। গোঁহালী উদং কৰি নিশাটোৰ ভিতৰতে চোৰে গৰু কেইটা চুৰি কৰি নিয়াত শংকাত পৰি আহিছে স্থানীয় কৃষক ৰাইজে। এনে সময়তে ভেবেঙাআটি গাঁৱৰ কিছু সচেতন ৰাইজে চুৰি গৰু কঢ়িয়াই অনা বাহন জব্দ কৰাত অঞ্চলজুৰি চাঞ্চল্য সৃষ্টি কৰিছে।
ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ AS02CC6777 নম্বৰৰ বলেৰ’পিক আপ ভান আৰু চাৰিটা গৰু জব্দ কৰি থানালৈ লৈ আহে।