Share and Enjoy !

Shares

বিহু, ঝুমুৰ আৰু বাগৰুম্বাৰ পাছত এইবাৰ আয়তীৰ বিয়া নামেৰে বিশ্ব অভিলেখ । বিহুৰ বতৰতে দুলীয়াজানৰ নেহৰু ময়দানত বিয়ানামৰ বিশ্ব অভিলেখ । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ পৰা অহা ১৫,৯৯৯ গৰাকী আয়তীয়ে একেলগে বিয়া নাম পৰিবেশন কৰি গঢ়িলে বিশ্ব অভিলেখ

দুলীয়াজান সন্মিলিত আয়তী সাংস্কৃতিক গোষ্ঠী আৰু শিৱসাগৰ জিলা সন্মিলিত সুৰুযমুখী শিল্পী সমাজৰ যুটীয়া উদ‍্যোগত অসমীয়া সংস্কৃতিৰ অবিচ্ছেদ‍্য অংগ অসমীয়া সমাজৰ যুগ- যুগান্তৰৰ পৰা প্ৰচলিত হৈ অহা বিয়া নামৰ প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ‍্যৰে অনুষ্ঠিত কৰা হৈছিল এই কাৰ্যসূচী। United States of America book of world recordৰ প্ৰতিনিধিৰ উপস্থিতিত সমগ্ৰ অসমৰ ১৫৯৯৯ গৰাকী আয়তীয়ে বিয়া নামেৰে বিশ্ব অভিলেখ গঢ়িবলৈ হয়।

অনুষ্ঠানত আমেৰিকা বিশ্ব ৰেকৰ্ডৰ সদস্য দল উপস্থিত থাকি সকলো দিশ তদাৰক কৰা লগতে অনুষ্ঠানৰ শেষত স্বীকৃতি পত্ৰ প্ৰদান কৰে অসমীয়া জাতীয় সংস্কৃতিক বিশ্বত প্ৰতিষ্ঠা কৰিবলৈ এই বিয়া নামৰ অভিলেখ অনুষ্ঠান অনুষ্ঠিত কৰি উদ্যোগতা অনিল কোঁৱৰে কয়, ” বিয়া নামৰ প্ৰচাৰ, প্ৰসাৰ আৰু সংৰক্ষণৰ বাবে ১৫৯৯৯ গৰাকী আয়তীয়ে এই অনুষ্ঠানত অংশগ্ৰহণ কৰি বিশ্ব অভিলেখ গঢ়িলে ।

বৰ্তমান সময়ত বিয়া নাম যিহেতু লুপ্ত হৈ গৈছে সেয়ে এই অনুষ্ঠানৰ জড়িয়তে বিয়া নাম যাতে আগবাঢ়ি যায় সেই লক্ষ্যৰে এই অনুষ্ঠান কৰা হৈছে । আমি আশা কৰিছোঁ দুলীয়াজানৰ পৰাই বিয়া নামে এক গতি ল’ব। এই অনুষ্ঠানত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ পৰা আয়তী সকলে অংশগ্ৰহণ কৰিছে ।

Leave a Reply

Your email address will not be published. Required fields are marked *