আজি পুনৰ উত্তাল ৰাজ্য। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ ধুবুৰী জিলা কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ।
বুধবাৰে ৰাহুল গান্ধীক আৰক্ষীয়ে আটক কৰাৰ বিৰুদ্ধে আৰু মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত এই প্ৰতিবাদ কংগ্ৰেছৰ
আজিৰ দিনটো ক’লা দিৱস হিচাপে পালন কৰিব বুলি ধুবুৰী জিলা কংগ্ৰেছৰ সভানেত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। ইফালে, বৃহস্পতিবাৰৰ এই প্ৰতিবাদত ধুবুৰী সমষ্টিৰ বিধায়িকা বেবী বেগম আৰু জিলা কংগ্ৰেছৰ বিভিন্ন স্তৰৰ কাৰ্যকৰ্তা উপস্থিত থাকে।