Share and Enjoy !

Shares

প্ৰখ্যাত অভিনেতা নানা পাটেকাৰ দেহাৱসান। ৭৫ বছৰ বয়সত দেহাৱসান ঘটে হিন্দী আৰু মাৰাঠী চলচ্চিত্ৰৰ জনপ্ৰিয় অভিনেতাগৰাকীৰ। গোৱাৰ ডোনা পাউলাস্থিত বাসগৃহত অচেতন অৱস্থাত উদ্ধাৰ কৰা হয় অভিনেতাগৰাকীক।
ততাতৈয়াকৈ অভিনেতাগৰাকীক মণিপাল হাস্পতাললৈ লৈ যোৱা হয়। চিকিৎসকে প্ৰায় ৪৫ মিনিট ধৰি CPR দিয়াৰ চেষ্টা চলাই যদিও সেয়া সফল নহ’ল।

বিশিষ্ট অভিনেতা নানা পাটেকাৰৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। হিন্দী আৰু মাৰাঠী চলচ্চিত্ৰত পাটেকৰৰ অনন্য অভিনয় আৰু তেওঁৰ স্বকীয় অভিনয় সত্তাৰ কথা স্মৰণ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁ সৃষ্টি কৰা বহু চৰিত্ৰ প্ৰজন্মৰ পাছত প্ৰজন্মলৈ স্মৰণীয় হৈ থাকিব।

সামাজিক মাধ্যম এক্সত শোক প্ৰকাশ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে নানা পাটেকৰৰ অভিনয় দক্ষতা, সৃজনশীলতা আৰু স্বকীয় শৈলীৰ প্ৰশংসা কৰে। তেওঁ কয় যে পাটেকৰে প্ৰতিটো চৰিত্ৰত এক অনন্য বৈচিত্ৰ্য আৰু সৃষ্টিশীলতা সংযোজন কৰিছিল। তেওঁৰ অভিনয়ে সৃষ্টি কৰা চৰিত্ৰসমূহ দীৰ্ঘদিনলৈ দৰ্শকৰ মনত জীয়াই থাকিব।

নানা পাটেকাৰৰ স্পষ্টবাদী স্বভাৱৰ কথাও উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে। নিজৰ বিশ্বাস আৰু মতামত প্ৰকাশ কৰিবলৈ তেওঁ কেতিয়াও দ্বিধা নকৰিছিল বুলি মোদীয়ে উল্লেখ কৰে। লগতে হিন্দী আৰু মাৰাঠী চলচ্চিত্ৰলৈ পাটেকৰৰ অৱদান অপৰিসীম বুলি অভিহিত কৰি তেওঁৰ পৰিয়াল, বন্ধু আৰু অগণন অনুৰাগীলৈ সমবেদনা জ্ঞাপন কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *