অসমৰ ভয়ংকৰ বান পৰিস্থিতিক লৈ গভীৰ উদ্বেগ প্ৰকাশ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ। শনিবাৰে সামাজিক মাধ্যমত এক পোষ্টৰ কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে বানত প্ৰাণ হেৰুওৱা লোকসকলৰ পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।
ৰাষ্ট্ৰপতিগৰাকীয়ে পোষ্টটোত লিখিছে যে- “অসমত বানৰ ফলত হোৱা প্ৰাণহানি আৰু ব্যাপক ধ্বংসযজ্ঞই অতিশয় মৰ্মাহত কৰিছে। এই দুৰ্যোগৰ সময়ত ক্ষতিগ্ৰস্ত সকলো লোকৰ সুৰক্ষা কামনা কৰাৰ লগতে উদ্ধাৰ, সাহায্য আৰু পুনৰ সংস্থাপনত নিয়োজিত সকলো লোকৰ সুস্বাস্থ্য আৰু মংগল কামনা কৰিলোঁ। এই কঠিন সময়ত সমগ্ৰ দেশ অসমবাসীৰ কাষত থিয় দিছে।”