কাইলৈ ঘোষণা হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল। পুৱা ১০বজাৰ পাছতে শিক্ষাৰ্থীসকলে লাভ কৰিব ফলাফল। শিক্ষামন্ত্ৰী ডা০ ৰণোজ পেগুৱে ঘোষণা কৰিলে এই কথা।
বিধানসভা নিৰ্বাচনত ভোটদান কৰিবলৈ আহি HSLCৰ ফলাফল ঘোষণা লৈ এই মন্তব্য কৰে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে।
হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল দিবলৈ অসম ৰাজ্যিক বিদ্যালয় শিক্ষা ব’ৰ্ড সাজু বুলি মন্তব্য কৰে মন্ত্ৰী ৰণোজ পেগুৱে। আনফালে নিৰ্বাচনী প্ৰচাৰৰ মাজতে বোকাজানত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ দিন ঘোষণা কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
উল্লেখযোগ্য যে ১০ ফেব্ৰুৱাৰীৰ পৰা ২৭ ফেব্ৰুৱাৰী, ২০২৬লৈকে অনুষ্ঠিত হৈছিল হাইস্কুল শিক্ষান্ত পৰীক্ষা। SEBAৰ পৰিৱৰ্তে ASSEBৰ নতুন নিয়মেৰে অনুষ্ঠিত হৈছিল হাইস্কুল শিক্ষান্ত পৰীক্ষা।