হাইলাকান্দিৰ সাহাবাদত ভয়ংকৰ পথ দুৰ্ঘটনা।
জানিব পৰা মতে, পথৰ কাষত AS 24 E 4760 নম্বৰৰ এখন ছুইফ্ট গাড়ী ৰখাই থোৱা আছিল। সেই সময়তে AS 10 G 0214 নম্বৰৰ এখন অল্টো বাহনে ৰখাই থোৱা ছুইফ্ট বাহনখনত প্ৰচণ্ড জোৰে খুন্দা মাৰে।খুন্দাৰ ফলত অল্টো বাহনখন পথৰ ওপৰতে বাগৰি পৰে।
স্থানীয় লোকৰ পৰা জানিব পৰা মতে, দুৰ্ঘটনাটোত অল্টো বাহনখনত থকা ৩জন লোক আহত হৈছে। আহতসকলক স্থানীয় লোকৰ সহযোগত উদ্ধাৰ কৰি চিকিৎসাৰ বাবে চিকিৎসালয়লৈ লৈ যোৱা হয় বুলি জানিব পৰা গৈছে।
দুৰ্ঘটনাটোক কেন্দ্ৰ কৰি অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে।