Share and Enjoy !

Shares

শনিবাৰে অসম পেট্ৰ’কেমিকেলছ লিমিটেড আৰু গুজৰাটৰ দীনদয়াল বন্দৰৰ সন্মিলিত প্ৰচেষ্টাত গুজৰাটৰ কাণ্ডালাত ২,৩০০ কোটি টকাৰ ১৫০ টন উৎপাদন ক্ষমতাসম্পন্ন ই-মিথানল প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰা হয় ।

আধাৰশিলা স্থাপন কাৰ্যসূচীত গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰভাই পেটেল, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অংশগ্ৰহণ কৰে ।

আধাৰশিলা স্থাপন সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত জনাই যে, “অসম-গুজৰাটৰ অংশীদাৰিত্বক অধিক শক্তিশালী কৰি সেউজ উন্নয়ন আৰু বহনক্ষম ঔদ্যোগিক বিকাশৰ দিশত আমি এক নতুন অধ্যায়ৰ সূচনা কৰিবলৈ আগবাঢ়িছোঁ । কাণ্ডলাত স্থাপন হ’বলগীয়া প্ৰতিদিনে ১৫০ টন উৎপাদন ক্ষমতাসম্পন্ন ই-মিথানল প্ৰকল্পই পৰিষ্কাৰ শক্তিৰ ব্যৱহাৰ বৃদ্ধিৰ লগতে কম-কাৰ্বন অৰ্থনীতিৰ দিশত আমাৰ যাত্ৰাক অধিক ত্বৰান্বিত কৰিব।”

লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে লিখে,”অসম পেট্ৰ’কেমিকেলছ লিমিটেড আৰু গুজৰাটৰ দীনদয়াল বন্দৰৰ সন্মিলিত প্ৰচেষ্টাৰ জৰিয়তে অসমৰ সম্পদ, প্ৰতিভা আৰু উদ্যোগৰ সম্ভাৱনাক দেশৰ ঔদ্যোগিক শক্তিৰ সৈতে সংযোগ কৰি আমি এনে এক উন্নয়নৰ পৰিৱেশ গঢ়ি তুলিব বিচাৰিছোঁ, য’ত অগ্ৰাধিকাৰ পাব অৰ্থনৈতিক প্ৰগতি আৰু পৰিৱেশ সংৰক্ষণে ৷ উদ্যোগ খণ্ডত পিছুৱাই থকা ৰাজ্য হিচাপে অসমৰ পুৰণি পৰিচয় এতিয়া ঔদ্যোগিক ক্ষেত্ৰৰ অগ্ৰণী হোৱাৰ দিশে আগবাঢ়িছে আৰু গুজৰাটত অসমৰ ঔদ্যোগিক পৰিসৰ বৃদ্ধিয়ে নতুন অসমৰ আত্মবিশ্বাসক শক্তিশালী ৰূপত প্ৰতিফলিত কৰিছে ।”

Leave a Reply

Your email address will not be published. Required fields are marked *