Share and Enjoy !

Shares

প্ৰবীন ৰাজনীতিবিদ তথা সৰভোগ সমষ্টিৰ প্ৰাক্তন বিধায়ক হেমেন দাসৰ স্বাস্থ্যৰ খবৰ ল’লে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

GMCHত চিকিৎসাধীন হৈ থকা দাসৰ স্বাস্থ্যৰ বুজ ল’লে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে।

স্বাস্থ্যৰ বুজ লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্য চৰকাৰে তেখেতৰ বাবে যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিব বুলি জানিব দিয়ে।

ড০ শৰ্মাই দাসৰ সহায়ক হোৱাকৈ সৰভোগৰ বাসগৃহত এগৰাকী নাৰ্ছক নিযুক্তি দিয়া হ’ব বুলি ঘোষণা কৰে। ৯৬ বছৰীয়া হেমেন দাসৰ শুশ্ৰষা কৰিবলৈ ছয় মাহৰ বাবে এই নাৰ্ছগৰাকীক ৰাজ্য চৰকাৰে নিযুক্তি দিব।

ইয়াৰ উপৰিও তেওঁক প্ৰয়োজনীয় ফিজিঅ’ থেৰাপীৰ বাবে এগৰাকী ফিজিঅ’ থেৰাপীষ্ট ব্যৱস্থা কৰি দিব ৰাজ্য চৰকাৰে।

উল্লেখযোগ্য যে, ৩১ জুলাই ২০২৬ ৰ পৰা তেওঁ চিকিৎসাধীন হৈ আছিল। গা ধোৱা ঘৰত পৰি তেওঁৰ এখন ভৰি ভগাৰ লগতে আন বাধ্যকজনিত ৰোগো আছিল দাসৰ। ৩ আগষ্টত তেওঁৰ ভগা ভৰিৰ অস্ত্ৰোপচাৰ সম্পন্ন হৈছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *