কৰ্ণাটকৰ বাগালকোটৰ এখন চৰকাৰী বিদ্যালয়ত বুধবাৰে সংঘটিত হয় অঘটন। পাঠদান চলি থকা সময়তে বিদ্যালয়খনৰ পকী ছাদৰ এটা অংশ হঠাতে খহি পৰাত ৬গৰাকী ছাত্ৰ-ছাত্ৰী আহত হয়।
ছাদৰ ধ্বংসাৱশেষ খহি পৰাৰ ফলত আহত ছাত্ৰ-ছাত্ৰীকেইগৰাকীক ততাতৈয়াকৈ উদ্ধাৰ কৰি চিকিৎসাৰ বাবে স্থানীয় চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। ঘটনাৰ পাছতে বিদ্যালয়খনত আতংকময় পৰিৱেশৰ সৃষ্টি হয় আৰু ছাত্ৰ-ছাত্ৰীসকলক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা হয়।
ঘটনাৰ খবৰ লাভ কৰাৰ পাছতে প্ৰশাসনে বিদ্যালয় ভৱনটোৰ অৱস্থাক গুৰুত্বসহকাৰে লয়। বাগালকোট জিলা পঞ্চায়তৰ মুখ্য কাৰ্যবাহী বিষয়া গজানন বেলে জানিবলৈ দিয়া মতে, বিদ্যালয় ভৱনৰ ক্ষতিগ্ৰস্ত অংশ তৎকালীনভাৱে মেৰামতিৰ বাবে পঞ্চায়ত ৰাজ অভিযান্ত্ৰিক বিভাগক নিৰ্দেশ দিয়া হৈছে।
তেওঁ লগতে আহত ছাত্ৰ-ছাত্ৰীসকলৰ আঘাত গুৰুতৰ নহয় বুলি জানিবলৈ দিয়ে। আটাইকেইগৰাকী ছাত্ৰ-ছাত্ৰী বৰ্তমান চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।
ইফালে, ঘটনাৰ পাছতে বিদ্যালয় শিক্ষা আৰু সাক্ষৰতা বিভাগৰ উপ-সঞ্চালকগৰাকীও চিকিৎসালয়ত উপস্থিত হৈ আহত ছাত্ৰ-ছাত্ৰীসকলক সাক্ষাৎ কৰে আৰু চিকিৎসকৰ পৰা তেওঁলোকৰ স্বাস্থ্যৰ বুজ লয়।
বিদ্যালয় ভৱনটোৰ জৰাজীৰ্ণ অৱস্থাক লৈ অভিভাৱকসকলেও উদ্বেগ প্ৰকাশ কৰিছে। তেওঁলোকে বিদ্যালয়খনৰ স্থায়ী মেৰামতিৰ লগতে ছাত্ৰ-ছাত্ৰীৰ সুৰক্ষাৰ বাবে উপযুক্ত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে।
প্ৰশাসনৰ ফালৰ পৰা বিদ্যালয়খনৰ মেৰামতিৰ কাম তৎকালীনভাৱে আৰম্ভ কৰাৰ বাবে নিৰ্দেশ দিয়া হৈছে বুলি জিলা পঞ্চায়তৰ মুখ্য কাৰ্যবাহী বিষয়া গজানন বেলে জানিবলৈ দিয়ে।