মহাৰাষ্ট্ৰৰ অমৰাৱতী জিলাত মৰ্মান্তিক ঘটনা ।শুকুৰবাৰে মাজনিশা এক্সপ্ৰেছৱে’ৰ ধমনগাঁৱৰ সমীপত এখন তীব্ৰবেগী ট্ৰাকে বলেৰ’ পিকআপ বাহনৰ খুন্দা মাৰে ফলত কমেও পাঁচজন যুৱক নিহত হোৱাৰ লগতে প্ৰায় ১৫-১৮ জন লোক গুৰুতৰভাৱে আহত হয় ।
ঘটনা সন্দৰ্ভত এগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়াই জনোৱা অনুসৰি, ধমনগাঁও ৰে’লৱেৰ সমীপৰ সমৃদ্ধি এক্সপ্ৰেছৱে’ৰ চেনেল ৯৭ত পুৱা মাজনিশা ১২.৪৫ বজাত এই দুৰ্ঘটনাটো সংঘটিত হয় ।
জানিব পৰা মতে, এখন দুৰ্গা পূজা সমিতিৰ সদস্যসকলে দেৱী দুৰ্গাৰ মূৰ্তি লৈ পিকআপ ভেনেৰে শ্বেগাঁৱৰ পৰা ৱাৰ্ধালৈ গৈ আছিল ।ধমনগাঁৱৰ সমীপত পিছফালৰ পৰা ট্ৰাকখনে তেওঁলোকৰ বাহনত খুন্দা মৰাৰ ফলত এই দুৰ্ঘটনাটো সংঘটিত হয় ।
দুৰ্ঘটনাৰ তথ্য লাভ কৰাৰ লগে লগে ঘটনাস্থলীত ধমনগাঁও ৰে’লৱে আৰক্ষী উপস্থিত হয় আৰু স্থানীয় ৰাইজৰ সহায়ত আহতসকলক উদ্ধাৰ কৰি ধমনগাঁও গ্ৰাম্য চিকিৎসালয়লৈ লৈ যায় । প্ৰাথমিক চিকিৎসা গ্ৰহণ কৰাৰ পিছত গুৰুতৰভাৱে আঘাতপ্ৰাপ্তসকলক উন্নত চিকিৎসাৰ বাবে ৱাৰ্ধাৰ চিকিৎসা মহাবিদ্যালয়লৈ স্থানান্তৰ কৰা হয় ।
আৰক্ষী অধীক্ষক নিকেতন কদম আৰু ধমনগাঁও পৌৰ পৰিষদৰ সভানেত্ৰী অৰ্চনা ৰথে চিকিৎসালয়ত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় ।
আৰক্ষী বিষয়াগৰাকীয়ে কয়, “আহতসকলক প্ৰথমে ধমনগাঁও গ্ৰাম্য চিকিৎসালয়লৈ লৈ যোৱা হয় আৰু পিছত ৱাৰ্ধা চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় । দুৰ্ঘটনাৰ কাৰণ জানিবলৈ বিতং তদন্ত অব্যাহত আছে ।”