পৰ্যটকসকলৰ বাবে সুখবৰ।
২ অক্টোবৰৰ পৰা মুকলি হ’ব মানস ৰাষ্ট্ৰীয় উদ্যান প্ৰৱেশ দ্বাৰ।
মানস ৰাষ্ট্ৰীয় উদ্যানত আৰম্ভ হ’ব ২০২৬-২৭ পৰ্যটন বৰ্ষ।উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিব বন বিভাগৰ মন্ত্ৰী, বিষয়াকে ধৰি ভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তি।
বিশ্ব ঐতিহ্য ক্ষেত্র মানসৰ বাঁহবাৰী ৰেঞ্জৰ ৰেঞ্জাৰ নিতেশ বড়োই জনোৱা অনুসৰি, অহা ২ অক্টোবৰত এক বিশেষ আৰু বৰ্ণিল কাৰ্যসূচীৰ জৰিয়তে মানস ৰাষ্ট্ৰীয় উদ্যানৰ দ্বিতীয়টো মূল প্ৰৱেশদ্বাৰত আনুষ্ঠানিকভাবে উদ্যানখনৰ দ্বাৰ মুকলি কৰা হ’ব। অইন বছৰৰ দৰে এইবেলিও জীপ ছাফাৰী, হাতী ছাফাৰীৰ উপৰি পৰ্যটকসকলৰ বাবে থাকিব ৰিভাৰ ৰাফটিঙৰ ব্যৱস্থা।লগতে পৰ্যটকসকলৰ বাবে থাকিব কেতবোৰ নীতি নিৰ্দেশনা। উদ্যানৰ ভিতৰত মদ্যপান, প্লাষ্টিক জাতীয় সামগ্ৰীৰ লগতে নিষিদ্ধ থাকিব বন ধ্বংস কাৰ্য।