Share and Enjoy !

Shares

চামগুৰিৰ আমনিত শোকাবহ পথ দুৰ্ঘটনা

আৰ্টিকা বাহনৰ খুন্দাত থিতাতে নিহত 12th APBNৰ কনিষ্টবল

চামগুৰিৰ আমনিত সংঘটিত শোকাবহ পথ দুৰ্ঘটনাত থিতাতে নিহত হয় 12th APBNত কৰ্মৰত কনিষ্টবল সাগৰ হাঞ্চে।

নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ কৰ্তব্যৰ বাবে আমনিৰ SIPRDৰ অস্থায়ী শিবিৰত আছিল কনিষ্টবলগৰাকী।

জানিব পৰা মতে, নিৰ্বাচনী কৰ্তব্যৰ বাবে উক্ত শিবিৰত মুঠ ৩০গৰাকী জোৱান আছিল। তেওঁলোকৰ ভিতৰত আছিল সাগৰ হাঞ্চেও। শিবিৰৰ পৰা বজাৰ কৰিবলৈ ওলাই অহাৰ সময়তে সংঘটিত হয় এই শোকাৱহ দুৰ্ঘটনাটো।

AR 01 T 7756 নম্বৰৰ ERTIGA বাহনে মহতিয়াই নিয়াৰ ফলত ঘটনাস্থলীতে মৃত্যু হয় কনিষ্টবলগৰাকীৰ।

ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত শোকৰ ছাঁ পৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *