Share and Enjoy !

Shares

দুৰ্গা পূজাৰ আনন্দ-উল্লাসৰ মাজতে মেৰাপানীত ভয়ংকৰ দুৰ্ঘটনা। মেৰাপানীৰ চাউদাং পথাৰত দুখন তীব্ৰবেগী বাইকৰ মুখামুখি সংঘৰ্ষ। সংঘৰ্যত থিতাতে নিহত এজন যুৱক। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছে আন তিনিজন।

জানিব পৰা মতে, দুৰ্ঘটনাত নিহত যুৱকজনৰ নাম জাণ্টু বৰা।

দুৰ্ঘটনাত আহত চাৰিওজনকে মেৰাপানী চিকিৎসালয়লৈ অনা হয় যদিও চিকিৎসকে জাণ্টু বৰাক মৃত ঘোষণা কৰে। আন তিনিজনৰ অৱস্থা সংকটজনক হোৱাত উন্নত চিকিৎসাৰ বাবে গোলাঘাট অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।
আহত আন তিনিজনৰ পৰিচয় বৰ্তমানলৈকে জানিব পৰা হোৱা নাই।

Leave a Reply

Your email address will not be published. Required fields are marked *