নগাঁৱৰ মৰিকলং নিবাসী ডা: ৰঞ্জিত শইকীয়াৰ ঘৰত সংঘটিত কৰা লোমহৰ্ষক ডকাইতি কাণ্ডৰ মাষ্টাৰমাইণ্ড ধৃত ডকাইত উমৰ আলী আৰক্ষীৰ জালত৷ আৰক্ষীয়ে আটক কৰে দুৰ্ধৰ্ষ ডকাইত মিন্টু হুছেইনক৷ উমৰ আলীৰ ঘৰ নগাঁৱৰ ৰূপহীত বুলি জানিব পৰা গৈছে৷ আৰক্ষীয়ে জব্দ কৰিছে ডা: ৰঞ্জিত শইকীয়াৰ ঘৰৰ পৰা লুটি নিয়া নগদ ধন সহ কেতবোৰ সা- সামগ্ৰী
আজি নগাঁৱত অনুষ্ঠিত এক সংবাদমেলত জিলা জ্যেষ্ঠ আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতিম দাসে মৰিকলঙৰ লোমহৰ্ষক ডকাইতি কাণ্ডৰ দুই মাষ্টাৰমাইণ্ড গ্ৰেপ্তাৰ হোৱাৰ কথা সদৰি কৰে ৷ শীৰ্ঘেই আন তিনি ডকাইত আৰক্ষীৰ জালত পৰিব বুলি উল্লেখ কৰি কয় যে,ডকাইতৰ ৰ’ডৰ আক্ৰমণত আহত হোৱা ডা:ৰনজিৎ শইকীয়াৰ পত্নী ৰূপৰেখা শইকীয়াৰ অৱস্থা সংকটজনক হৈ আছে ৷ বৃহস্পতিবাৰৰ মাজনিশাৰ পৰা গুৱাহাটী এ’পল’ হাস্পতালৰ আইচিইউত ৰখা হৈছিল যদিও শনিবাৰে চুপাৰ মাৰ্কেটস্থিত জিএনআৰচিৰ আইচিইউলৈ স্থানান্তৰিত কৰিছে চিকিৎসকে ৷ বৰ্তমানেও অৱস্থা অপৰিৱৰ্তিত হৈ আছে ৷