অব্যাহত আছে গোলকগঞ্জৰ অসম-বংগ সীমান্তত চোৰাং গো সৰবৰাহ। নিতৌ ন ন কৌশলৰে এটা চক্ৰই সৰবৰাহ কৰি আহিছে গৰু।
শনিবাৰে নিশা অসম বংগ সীমান্তৰ ছোটোগুমাত আৰক্ষীৰ অভিযান। অভিযানত জব্দ ১৪ টাকৈ উন্নত জাতৰ গো-ধন। ছোটোগুমা আৰক্ষীৰ অভিযানত জব্দ গৰু কেইটা।মালবাহী ট্ৰাকৰ ভিতৰত আনিছিল চোৰাং গো-ধন সমূহ। পশ্চিমবংগৰ পৰা ভিতৰুৱা পথেৰে অসমত প্ৰৱেশৰ সময়ত আটক কৰে গৰু ভৰ্তি ট্ৰাকখন। গাড়ী এৰি পলায়ন কৰে চালক হেণ্ডিমেন। জব্দকৃত গৰু ভৰ্তি বাহনখনৰ নম্বৰ AS-19 AC-5201 ।