Share and Enjoy !

Shares

আজি ৰাজ্যজুৰি চহা অসমীয়া ৰাইজে পালন কৰিছে গৰু বিহু।।চ’ত আৰু ব’হাগ মাহৰ সংক্ৰান্তিৰ দিনা গৰু বিহু পালন কৰা হয় অসমীয়া চহা জীৱনৰ অন্যতম উৎসৱ এই গৰু বিহু। ৰাজ্যৰ বিভিন্ন প্ৰান্তত পালন কৰা হৈছে গৰু বিহু ।

পুৱাতেই গো-ধনক নোৱাই-ধুৱাই শ্ৰীবৃদ্ধি কামনা কৰে ৰাজ্যবাসীয়ে।

নলবাৰী জিলাৰ পূব প্ৰান্তৰ মৈৰাডঙাত পাগলাদিয়া নদীৰ পাৰত এইবাৰ গৰু বিহু উদযাপনে এক বিশেষ আকৰ্ষণ লাভ কৰে, কাৰণ উপস্থিত থাকে অসম চৰকাৰৰ মন্ত্ৰী তথা স্থানীয় বিধায়ক জয়ন্তমল্ল বৰুৱা।

নলবাৰী জিলা ৰঙালী বিহু সন্মিলনীৰ উদ্যোগত অনুষ্ঠিত এই গৰু বিহু অনুষ্ঠানত অংশগ্ৰহণ কৰি মন্ত্ৰীজনেও পৰম্পৰাগত পোছাক পৰিধান কৰি নিজ হাতেৰে গৰু ধুৱাই। পাগলাদিয়াৰ নৈৰ পৰাত গৰু বিহু পালনৰ সমান্তৰালকৈ মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই কান্ধত ঢোল লৈ বিহু নৃত্যত অংশগ্ৰহণ কৰে। সকলো ৰাইজৰ বিহু নৃত্য নাচি আনন্দত মতলীয়া হৈ পৰে।

 

Leave a Reply

Your email address will not be published. Required fields are marked *