Share and Enjoy !

Shares

ৰঙালী বিহুৰ আনন্দ উল্লাসৰ মাজতে ঢেকিয়াজুলিৰ গঁড়মৰা পথাৰত নৃশংস হত্যাকাণ্ড।

সম্পৰ্কীয় ভাতৃয়ে ডেগাৰেৰে ঘপিয়াই হত্যা কৰিলে বৰদেউতাকৰ দুই পুত্ৰক৷

সম্পকীয় খুড়াকৰ পুতেক গোবিন্দ গোৱালাই ডেগাৰেৰে ঘপিয়াই হত্যা কৰিলে দুই ভায়েক পূৰ্ণ গোৱালা আৰু যোগেশ্বৰ গোৱালাক।।

ওৰেটো নিশা ডিজে লগাই পাৰ্টি কৰিছিল গোবিন্দ আৰু পূৰ্ণই। পাৰ্টিৰ মাজতে গোবিন্দ গোৱালাৰ সৈতে কাজিয়াৰ সৃষ্টি হৈছিল পূৰ্ণ গোৱালা আৰু যোগেশ্বৰ গোৱালাৰ।কাজিয়াৰ মাজতে পুৱতি নিশা ৩ বজাত গোবিন্দ গোৱালাই বৰদেউতাকৰ দুই পুত্ৰ পূৰ্ণ গোৱালা আৰু যোগেশ্বৰ গোৱালাক ডেগাৰেৰে ঘপিয়াই হত্যা কৰে।।

আজি কৰ্ম সংস্থাপনৰ বাবে বাংগালুৰ যোৱা কথা আছিল পূৰ্ণ গোৱালা ।আৰু সেইবাবে যোৱা নিশা একেলগে পাৰ্টি কৰিছিল ভায়েক ককায়েক আটাইবোৰে।।

ঘটনা সন্দৰ্ভত হত্যাকাৰী গোবিন্দ গোৱালাক গ্ৰেপ্তাৰ কৰে ঢেকিয়াজুলি আৰক্ষীয়ে। এই নৃশংস হত্যাকাণ্ডই তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে অঞ্চলজুৰি ৷

 

Leave a Reply

Your email address will not be published. Required fields are marked *