ছিপাঝাৰৰ ভেৰুৱাত নিশা ভয়ংকৰ চুৰিকাণ্ড।
অৱসৰী কৰ্মচাৰী যতীন্দ্ৰ শৰ্মাৰ ঘৰত সংঘটিত হয় এই চুৰিকাণ্ড।
পৰিয়াল শুই থকা অৱস্থাত চোৰে দৰ্জা ভাঙি এই কাৰ্য সংঘটিত কৰে।
গডৰেজৰ তলা ভাঙি চোৰে লুটি লৈ যায় প্ৰায় চাৰি লক্ষাধিক টকা মূল্যৰ সোণৰ আ- অলংকাৰ।
চুৰি কাৰ্য সংঘটিত কৰাৰ পূৰ্বে স্প্ৰে জাতীয় দ্ৰব্য প্ৰয়োগ কৰি পৰিয়ালক অচেতন কৰাৰ সন্দেহ ৷
ইতিমধ্যে ঘটনাস্থলীত উপস্থিত বুঢ়া আৰক্ষী ৷
আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।