Share and Enjoy !

Shares

ছিপাঝাৰত শোকাৱহ ঘটনা।

বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু জুবিনৰ৷

মাতৃক বচাবলৈ গৈ মৃত্যু।

ছিপাঝাৰৰ যুৱক জুবিন নাথৰ (২২)।

ৰাতিপুৱা নিজৰ শোৱনি কোঠাত মাতৃ হৈছিল বিদ্যুৎস্পৃষ্ট।

মাতৃক বচাবলৈ গৈ প্ৰান গ’ল জুবিনৰ৷

বৰ্তমান মাতৃ কল্পনা দেৱীও চিকিৎসাধীন।

আজি পুৱা ৫-৩০ বজাত জুবিনক্ষেত্ৰৰ পৰা আহি শুবলৈ লওতেই এই ঘটনা।

নিজ ছিপাঝাৰৰ সৰুৰাম নাথৰ একমাত্ৰ ল’ৰা জুবিন নাথ আছিল এগৰাকী কন্ঠশিল্পীও।

ঘৰৰ কাষতে এখন চেলুন দি জীৱিকা নিৰ্বাহ কৰি আছিল যুৱকজনে৷

এই ঘটনাই শোকৰ ছাঁ পেলাইছে সমগ্ৰ অঞ্চলটোত।

Leave a Reply

Your email address will not be published. Required fields are marked *