BJPৰ বিধায়ক বিজয় গুপ্তাক সকীয়নি কণ্ঠশিল্পী সীমান্ত শেখৰৰ। জুবিন গাৰ্গক লৈ বিজেপি বিধায়ক বিজয় গুপ্তাই কৰা মন্তব্যক কেন্দ্ৰ কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে শিল্পী সীমান্ত শেখৰে।
সীমান্ত শেখৰে কয় যে ‘‘মাননীয় MLA মহোদয়, প্ৰথমে জুবিন গাৰ্গৰ বিষয়ে ভালদৰে অধ্যয়ন কৰক, তেওঁৰ সংগীত, অৱদান আৰু অসমৰ সমাজ-সংস্কৃতিত তেওঁৰ স্থান বুজিবলৈ চেষ্টা কৰক। তাৰ পিছতহে সংবাদ মাধ্যমৰ সন্মুখলৈ আহি মন্তব্য কৰক। আপুনি BJP-ৰ হ’ব পাৰে, সেয়া আপোনাৰ ৰাজনৈতিক পৰিচয়। কিন্তু সেইবুলি জুবিন গাৰ্গৰ দৰে এগৰাকী কিংবদন্তিক লৈ কৰা যিকোনো অজ্ঞতাপূৰ্ণ বা অবিবেচক মন্তব্যক আমি সমৰ্থন কৰিব লাগিব বুলি কোনো কথা নাই। ৰাজনীতিৰ ঊৰ্ধ্বত আছে আমাৰ সংস্কৃতি, আমাৰ আবেগ আৰু আমাৰ শিল্পীসকলৰ প্ৰতি সন্মান। জুবিন দাৰ বিষয়ে কথা কওঁতে অন্ততঃ সেই সন্মানখিনি বজাই ৰাখক।’’
উল্লেখ্য যে, BJP বিধায়ক বিজয় গুপ্তাই জুবিন গাৰ্গৰ সংগীত জীৱন আৰু নামকৰণ সন্দৰ্ভত কেইবাটাও অদ্ভুত মন্তব্য কৰিছিল।
বিজয় গুপ্তাই কৈছিল যে ‘‘জন্মৰ সময়ত জুবিন গাৰ্গৰ নাম আছিল ‘জুবিন বৰঠাকুৰ’। পাছলৈ বিখ্যাত সংগীত পৰিচালক জুবিন মেহতাৰ সন্মানত তেওঁৰ নাম ‘জুবিন’ কৰা হৈছিল। এই নামটোৰেই পৰৱৰ্তী সময়ত সংগীত জগতত এক সুকীয়া পৰিচয় লাভ কৰে জুবিন গাৰ্গে।’