Share and Enjoy !

Shares

শ্ৰীভূমি জিলাৰ চুৰাইবাড়ী আৰক্ষীৰ অভিযানত পুনৰ ৩৬ লাখ টকাৰ নিষিদ্ধ কফ চিৰাপ জব্দ।

গোপন সূত্ৰৰ ভিত্তিত আজি পোৱতি নিশা অসম ত্ৰিপুৰা সীমান্তৰ চুৰাইবাড়ী নাকা পইণ্টত এখন সন্দেহজনক কণ্টেইনাৰ ট্ৰাক আটক কৰা হয়। তালাচীৰ সময়তে চালক এন্ধাকাৰৰ সুযোগ লৈ পলায়ন কৰে।

আৰক্ষীয়ে ট্ৰাকখনৰ পৰা মুঠ ৩৬০০টা কফ চিৰাপৰ বটল উদ্ধাৰ কৰে। ঘটনাক কেন্দ্ৰ কৰি NDPS আইনৰ অধীনত এক গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰা হৈছে। AS01RC- 2495 নম্বৰৰ কণ্টেইনাৰ ট্ৰাকখন জব্দ কৰি পলাতক চালকক ধৰিবলৈ অভিযান অব্যাহত আছে।আৰক্ষীয়ে জনায় যে, মাদকৰ বিৰুদ্ধে এনে অভিযান আগলৈও অব্যাহত থাকিব ।

উল্লেখ্য যে, শ্ৰীভূমি জিলাৰ অসম ত্ৰিপুৰা সীমান্তৰ চুৰাইবাড়ী নাকা পইণ্টত যোৱা এ সপ্তাহ ধৰি প্ৰায় প্ৰতিদিনেই কোডিন ফছফেট জাতীয় কফ চিৰাপ জব্দ কৰি আছে আৰক্ষীয়ে

Leave a Reply

Your email address will not be published. Required fields are marked *