শিক্ষক দিৱসৰ দিনাই বদৰপুৰত মৰ্মান্তিক ঘটনা।
শিক্ষক দিৱসৰ দিনাই শ্ৰীভুমি জিলাৰ বদৰপুৰৰ এখন ব্যক্তিগত শিক্ষানুষ্ঠানত দশম শ্ৰেণীৰ এগৰাকী ছাত্ৰৰ অস্বাভাৱিক মৃত্যুক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য।
মৃত ছাত্ৰজনৰ নাম গুলছান আহমেদ।বুলি জানিব পৰা গৈছে।
মৃত গুলছান কাছাৰৰ সোণাই স্বাধীন বজাৰৰ বাসিন্দা আব্দুল মান্নান লস্কৰৰ পুত্ৰ গুলছান।বদৰপুৰৰ পেৰাগন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ দশম শ্ৰেণীৰ ছাত্ৰ আছিল গুলছান।
জানিব পৰা মতে, বিদ্যালয়ৰ ভিতৰত অচেতন অৱস্থাত উদ্ধাৰ কৰা হয় ছাত্ৰজন। ততাতৈয়াকৈ তেওঁক শ্ৰীগৌৰী চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে।
ইফালে, মৃত ছাত্ৰজনৰ শৰীৰত আঘাতৰ চিন থকাৰ কথাও জানিব পৰা গৈছে। ঘটনাৰ খবৰ লাভ কৰাৰ পিছতে দণ্ডাধীশৰ সৈতে বদৰপুৰ আৰক্ষী শ্ৰীগৌৰী চিকিৎসালয়ত উপস্থিত হয়।
আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি শ্ৰীভূমি জিলা হাস্পাতাললৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। ছাত্ৰজনৰ মৃত্যুৰ প্ৰকৃত কাৰণ কি, সেয়া মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন আৰু আৰক্ষীৰ তদন্তৰ পিছতহে স্পষ্ট হ’ব।