Share and Enjoy !

Shares

শ্ৰীভূমিত অব্যাহত আছে নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান।

দেওবাৰে নিশা গোপন সূত্ৰৰ ভিত্তিত শ্ৰীভূমি আৰক্ষী আৰু নিলামবজাৰ আৰক্ষীয়ে চলোৱা এক অভিযানত আনুমানিক ২ কোটি টকাৰ নিচাজাতীয় টেবলেট জব্দ কৰিবলৈ সক্ষম হয়।সমান্তৰালকৈ নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহৰ লগত জড়িত থকাৰ অভিযোগত কেইবাজনো অভিযুক্তক আটক কৰে।

প্ৰাপ্ত খবৰ অনুসৰি, দেওবাৰে নিশা গোপন তথ্যৰ পম খেদি শ্ৰীভূমি আৰু নিলামবজাৰ আৰক্ষীৰ যৌথ দলে শ্ৰীকৃষ্ণনগৰ গাঁৱৰ মনোজ্জিৰ আলীৰ বাসগৃহত অভিযান চলায়।ঘৰৰ পৰা ১০ হাজাৰ নিচাজাতীয় টেবলেট উদ্ধাৰ কৰে।অৱশ্যে আৰক্ষীৰ উপস্থিত ৰেঘাল পাই মুখ্য অভিযুক্ত মনোজ্জিৰ আলীৰ লগতে তেওঁৰ দুই সহযোগী খাইৰুল ইছলাম আৰু ৰাজুল ইছলামে থিতাতে পলায়ন কৰে।

ইয়াৰ পিছতে আৰক্ষীয়ে পলায়ন কৰা লোককেইজনৰ পিছে পিছে ৰে’ল লাইনৰ সমীপৱৰ্তী বেড়াজাল গাঁৱত থকা খাইৰুল ইছলামৰ বাসগৃহ ঘেৰাও কৰে। সেই স্থানৰ পৰাই আৰক্ষীয়ে খাইৰুল ইছলাম আৰু তেওঁৰ ভাতৃ ৰাজুল ইছলামক আটক কৰিবলৈ সক্ষম হয়।

আনহাতে, নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহত অৰ্থ যোগান ধৰা এক বৃহৎ চক্ৰৰ তথ্যও লাভ কৰিছে আৰক্ষীয়ে।এই অবৈধ কাৰবাৰত ধন যোগান ধৰাৰ অভিযোগত আৰক্ষীয়ে বেড়াজাল গাঁৱৰ তাজিৰ উদ্দিন, আফজল হুছেইন, মীৰাদিঘিৰপাৰ গাঁৱৰ মুজাক্কিৰ হাছান আৰু পাথাৰকান্দি সমষ্টিৰ মুৰাদপুৰ গাঁৱৰ আবুল হুছেইনক গ্ৰেপ্তাৰ কৰে।ইয়াৰ উপৰিও ঘটনাৰ সৈতে জড়িত থকাৰ সন্দেহত আন চাৰিজন লোকক আৰক্ষীয়ে আটক কৰিছে।

সৰবৰাহত অৰ্থ যোগান ধৰা এক বৃহৎ চক্ৰৰ তথ্যও লাভ কৰিছে আৰক্ষীয়ে।এই অবৈধ কাৰবাৰত ধন যোগান ধৰাৰ অভিযোগত আৰক্ষীয়ে বেড়াজাল গাঁৱৰ তাজিৰ উদ্দিন, আফজল হুছেইন, মীৰাদিঘিৰপাৰ গাঁৱৰ মুজাক্কিৰ হাছান আৰু পাথাৰকান্দি সমষ্টিৰ মুৰাদপুৰ গাঁৱৰ আবুল হুছেইনক গ্ৰেপ্তাৰ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *