উত্তৰ প্ৰদেশৰ মিৰ্জাপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা।বুধবাৰে নিশা ৯:৩০ বজাত মিৰ্জাপুৰ-ৰেৱা ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই দুৰ্ঘটনাটো।
আৰক্ষীৰ ভাষ্য অনুসৰি, ব্ৰেক বিকল হোৱাৰ বাবে হঠাৎ নিয়ন্ত্ৰণ হেৰুৱাই এখন তীব্ৰবেগী ট্ৰাকে একে দিশতে গৈ থকা এখন বলেৰ’ আৰু চুইফট গাড়ীৰ সৈতে সংঘৰ্ষত লিপ্ত হয়। দুয়োখন বাহনৰ খুন্দাত বলেৰ’খনত বিস্ফোৰণ হয়৷
অগ্নিকাণ্ড ইমানেই ভয়ংকৰ আছিল যে একেটা পৰিয়ালৰ ৮ জন সদস্য আৰু এজন চালককে ধৰি বলেৰ’ খনৰ ৯ জন লোক জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু হয়৷ প্ৰায় ডেৰ-দুই ঘণ্টা ধৰি বলেৰ’খন জ্বলি থকাৰ ফলত ঘটনাস্থলীত ব্যাপক চিঞৰ-বাখৰৰ সৃষ্টি হয়। ওচৰ-চুবুৰীয়াৰ লোকে সহায়ৰ বাবে লৰালৰিকৈ আহিছিল যদিও জুইৰ তীব্ৰতাৰ বাবে কোনো লোক ওচৰ চাপিব পৰা নাছিল।
পিছত আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ সহযোগত জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়। মৃতদেহবোৰ ইমানেই বেয়াকৈ জ্বলি গৈছিল যে চিনাক্ত কৰাটো কঠিন হৈ পৰিছিল।
জানিব পৰা মতে, ৮ বছৰীয়া পুত্ৰৰ মুণ্ডন কৰি মাইহাৰৰ পৰা উভতি আহিছিল দুৰ্ভগীয়া পৰিয়ালটো।