Share and Enjoy !

Shares

জুবিন গাৰ্গক লৈ অপমানসূচক মন্তব্য কৰি ৰঙা ঘৰৰ আলহী যুৱকক।।আমছুৰ এজাহাৰৰ ভিত্তিত মোৰাঝাৰত আটক কৰে জুবিন গাৰ্গক লৈ অপমানসূচক মন্তব্য কৰা যুৱকজনক। ধৃত যুৱকজনৰ নাম জাইদুল আলম বুলি জানিব পৰা গৈছে। ধৃত জাইদুল আলমৰ ঘৰ নীলবাগানৰ সদৰ গাঁৱত।

উল্লেখ্য যে, জাইদুল আলম নামৰ যুৱকজনে সামাজিক মাধ্যমত জুবিন গাৰ্গক লৈ অপমানসূচক মন্তব্য কৰিছিল। সামাজিক মাধ্যমত ভাইৰেল হৈছিল সেই ভিডিঅ’। ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে মোৰাঝাৰ থানাত আমছুৱে দাখিল কৰিছিল এজাহাৰ।

সামাজিক মাধ্যমত ভাইৰেল হোৱা ভিডিঅ’ত দেখা গৈছে যে এই যুৱকজনে গাড়ী চলাই চলাই এটা ভিডিঅ’ ৰেকৰ্ড কৰিছিল। ভিডিঅ’টোত যুৱকজনে অশালীন শব্দ ব্যৱহাৰ কৰি কৈছিল – ‘‘জুবিন কোন হয়? ইমান মানুহ জুবিন অনুৰাগী… জুবিন এজন সাধাৰণ গায়ক, আৰু গায়ক নাই নেকি? বহুত গায়ক আছে।’’

এই ভিডিঅ’টো মুহূৰ্তৰ ভিতৰতে ভাইৰেল হৈ পৰিছিল সামাজিক মাধ্যমত। ভিডিঅ’টো ভাইৰেল হোৱাৰ পিছতে যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *